ইস্ৰায়েলীসকলে সেই ঈশ্বৰৰ বাক্য পাহৰি গ’ল যিয়ে তেওঁলোকক বিষাক্ত সাপে খুতিয়াৰ পৰা ৰক্ষা কৰিছিল ।
ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ৮০০ বছৰতকৈও অধিক সময় পিতলৰ সাপক উপাসনা কৰিছিল, কিন্তু হিষ্কিয়াই পিতলৰ সাপটো ভাঙি পেলালে।
ঠিক তেনেদৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যীচু খ্ৰীষ্টৰ বহুমূলীয়া তেজ যিয়ে মানৱজাতিক পৰিত্ৰাণ কৰে।
গতিকে আমি উপলব্ধি কৰিব লাগিব যে যদি আমি ক্ৰুচৰ স্থাপন কৰো , যিটো কেৱল শাস্তি দিয়াৰ আহিলা, তেন্তে আমি অভিশপ্ত হ’ম।
প্ৰাচীন বেবিলনীয়া যুগৰ পৰাই ক্ৰুচক ৰোমলৈ প্ৰেৰণ কৰা হৈছিল।
৪৩১ খ্ৰীষ্টাব্দৰ আশে-পাশে, যীচুৰ আৰোহণ আৰু সকলো পাঁচনিৰ বিদায়ৰ পিছত ইয়াক গীৰ্জাত অনা হৈছিল।
খ্ৰীষ্ট আনচাংহং আৰু মাতৃ ঈশ্বৰৰ শিক্ষা অনুসৰি, যিয়ে কৈছিল, " মূৰ্তি পূজা নকৰিবা," চাৰ্চ অৱ গডে ক্ৰুচ বা আন কোনো মূৰ্তি স্থাপন আৰু পূজা নকৰে।
তুমি নিজলৈ কোনো কটা-প্ৰতিমা, বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত,আৰু থকা,পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মূৰ্তি নেখাজিব।
যাত্ৰাপুস্তক ২০:৪-৫
‘যি মানুহে শিল্পকাৰৰ হাতে কৰা, যিহোৱাৰ ঘিণলগা, কটা বা সাঁচত ঢলা কোনো মূর্তি নির্মাণ কৰি গুপুতে তাক স্থাপন কৰিব, তেওঁ অভিশপ্ত হওঁক। তাতে সকলো লোকে উত্তৰ দি, সেয়ে হওক বুলি কব ‘আমেন।’
দ্বিতীয় বিবৰণ ২৭:১৫
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy