ছালমন মাছ সাগৰত বাস কৰে আৰু তাৰ পিছত কণী পাৰিবলৈ নিজৰ জন্মস্থানলৈ উভতি আহে। সেই প্ৰক্ৰিয়াত, যেনেকৈ ছালমন মাছে একো নোখোৱাকৈ নিজৰ সঞ্চিত শক্তি ব্যৱহাৰ কৰি কষ্ট সহন কৰে, ঠিক তেনেকৈ আমিও এই জগতত শিকা সকলো বেয়া অভ্যাস আৰু আচৰণ ত্যাগ কৰি পুনৰ জন্ম লোৱাৰ কষ্টক অতিক্ৰম কৰি, পিতৃ আৰু মাতৃ থকা আমাৰ অনন্ত স্বৰ্গীয় ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰিব লাগিব।
এই সময়ত, যেতিয়া বাইবেলত কৰা ভৱিষ্যদ্বাণী অনুসাৰে সকলো জাতিয়ে যিৰূচালেম স্বৰ্গীয় মাতৃৰ কোলালৈ উৰি আহিছে, ঈশ্বৰৰ মণ্ডলীৰ সদস্যসকলে মাতৃৰ শিক্ষা অনুসাৰে সদায় “মাতৃৰ প্ৰেমৰ বাক্য” অভ্যাস কৰিছে আৰু তেওঁলোকৰ সৎ কৰ্মৰ দ্বাৰা গোটেই বিশ্বৰ আগত যিৰূচালেম স্বৰ্গীয় মাতৃৰ মহিমা প্ৰকাশ কৰিছে।
আৰু তোমালোক জগতৰ অনুৰূপ নহ'বা; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অর্থাৎ উত্তম, গ্রহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। ৰোমীয়া ১২:২
“তুমি উঠা, দীপ্তি দিয়া: কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে। কাৰণ চোৱা, আন্ধাৰে পৃথি ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ'ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ'ব। আৰু জাতিবিলাক তোমাৰ পোহৰৰ ওচৰলৈ, আৰু ৰজাবিলাক তোমাৰ উদয় হোৱা দীপ্তিৰ গুৰিলৈ আহিব।” যিচয়া ৬০:১–৩
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy